নাচাওঁ বুলিও চাইছো তেওঁৰ দুষ্ট চকুযুৰি

তোমাক লগ পোৱাৰএটি বিষণ্ণ আবেলি

নাচাও বুলিও চাইছো

তেওঁৰ দুষ্ট চকুযুৰি…

ঠিক জোনবাইটোৰ

দৰেই তেওঁৰ দুচকুত

আকুলতা তুমিহীনতাৰ

সেই সন্ধিয়াবোৰৰ

দৰেই নক’বা জোনাক

ভালপাওঁ বুলি…

হয়তো তোমাৰ দৰেই

মই নহয় ধুনীয়া নহয়

চঞ্চল হৃদয়ৰ আজন্ম

প্ৰেমিকা সেয়ে

বৰষুণজাকৰ দৰেই নক’বা

তুমি মোৰ প্ৰেমিক

বুলি তোমাৰ সন্মুখত

মাঁথো ঘৃণাৰে ভৰা

এটি ছাঁ হ’ব খোজো

আজি বিষণ্ণতা হ’ব

খোজো তোমাৰ

ভাৱনাবোৰৰ পৰা হ’ব

খোজো তোমাৰ হৃদয়ত

মইহীনতাৰ এটি

অনামী ঠিকনা…

সেয়ে নাচাও বুলিও

চাইছো আজি তেওঁৰ

দুষ্ট চকুযুৰি ।

মোৰ বিষয়ে সকলো


মই ভালপাও মোৰ ধাননি পথাৰ,মোৰ সেউজী বননী, মৌ সনা না না

চৰাইৰ কলৰৱ, ৰাতিৰ পৃথিৱীৰ ফৰিং,

কুমতিৰ ছিঁ ছিঁ শব্দ,পপীয়া তৰা সৰা

মোৰ চোতালৰ দুৱৰি, শেষৰাতি ফুলা

শেৱালি, খৰিকাজাঁইৰ গন্ধ। আৰু

ভালপাও মোৰ আইৰ হাতৰ ৰন্ধা দুমুঠি।

প্রকৃতিৰ মাজত চিৰদিন মোৰ অগাধ

বিচৰণ। প্রকৃতিৰ বুকুৰ অমৃত দুগ্ধপান কৰি মই

যৌৱন পাপ্ত ।

মই নিসংগতাৰ প্রেমিক। বিৰহ

মোৰ কবিতাৰ ভাষা। মোৰ দিনযাপন

সমূলি বিষন্ন। পাৰাপাৰহীন নীলিম

উৰ্মীমালাত ডুবি থাকে মোৰ

ভাৱনাৰ মাধুৰী। প্রেমিক চৰাই হ’বলৈ

মোৰ যে দুপাখি গুৰিতে চিঙা। উৰিব

নোৱাৰো মই ।

সৰলতা মোৰ জন্মগত জীৱন যাপন ।

চিধা বাটৰ পথিক মই । সত্য মোৰ হৃদয়ৰ

পূজা ।

কৰ্মই মোৰ ধৰ্ম,ভগৱান । বেলেগকৈ পূজা

পাতলত মই অবিশ্বাসী ।

“বন্ধুত্ব মোৰ বাবে সকলোতকৈ

মূল্যবান সমন্ধ ।”

……………….এইয়াই মোৰ

বিষয়ে সকলো ।

সঁচাই তুমি সুন্দৰ

সঁচাই তুমি সুন্দৰ।হাজাৰটা বিষাদৰঙী গল্প-

কবিতা সৃষ্টি তোমাৰ বাবেই,

কতজনৰ উজাগৰী ৰাতিৰ বাবে

তোমাকেই দোষী সজোৱা হয়,

বিৰহী প্রেমিকৰ ‘দুঃখভৰী

দাস্তান’ৰ বাবে তুমিয়েই দায়ী

হ’লেও সকলোবোৰ দেখোন

তোমাৰেই নামত। তোমাৰ

অবিহনে সৃষ্টি শূন্য। তোমাৰ

বাবেই সোণাৰুবোৰ হালধীয়া

হাঁহি হৈ ওলমে, কৃষ্ণচূড়াবোৰ

তেজৰঙী সপোন হৈ আহে, ফাগুণৰ

দুষ্ট পচোৱাই আঁচল খহায়, পলাশৰ

জুইয়ে ওমাল কৰে হিয়া, সৰি পৰা

শেৱালিলৈ মায়া ওপজে, দুবৰিৰ

পাতত নিয়ৰবোৰ মুকুতা হয়, নাহৰ

ফুলে, পখীয়ে গীত গায়, আঘোণৰ

পথাৰত সোণগুটি লাগে… ক’ত নাই

তুমি? গছে বিৰিখে, শব্দত, ছন্দত,

সুৰত… ঋতুৱে ঋতুৱে বৈ আহাঁ তুমি,

সকলোতে তোমাৰ উপস্থিতি

এবাৰ কোৱা মাথো ভালপাওঁ বুলি 


​☞ ☞যেতিয়া তোমাৰ মেঘালিচুলিৰ পৰা ওলাই আহে গধুলিৰ

শেৱালিৰ গন্ধ কবিতা কবিতা লগা

মোৰ হৃদয়খন বৰকৈ উঠা নমা কৰে ।

তেতিয়া মোৰ হৃদয়ৰ উকা কাগজত সৃষ্টি

হয় এটি কবিতা তোমালৈ । প্ৰেমৰ

কবিতা !!! এবাৰ কোৱা মাথোঁ

ভালপাওঁ বুলি তোমাৰ নামত দি থৈ

যাম মোৰ হৃদয়ৰ সমস্ত মৰম ভালপোৱা

এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি

ভগাই লম তোমাৰ সতে মোৰ সুখ-দুখ

উদযাপন কৰিম দুয়ো মিলি একেলগে

জীৱনক এবাৰ মিচকল দিয়া মাথোঁ

হেজাৰবাৰ ডায়েল কৰিম তোমাৰ

নাম্বাৰত । । ✍✍✍ ইলিয়াছ হাছান ✍✍✍

মোৰ ডায়েৰিৰ এখিলা পাতত সপোনৰ অপেক্ষা

 ☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু- এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । কিন্তু যেতিয়া মনে সজা সপোনবোৰ ভাঙি যায় তেতিয়া ! তেতিয়া জীৱন হৈ পৰে এক অপাত্ৰক আৰু মৰণ হৈ পৰে শেষ পৰিণতি । কিন্তু কোনোৱে এইটো নিবিচাৰে । কিছুমান পৰিস্থিতিয়েহে বাধ্য কৰে । বৰ্তমান মইও এক অপাত্ৰক হৈ পৰিছো । মাথোঁ হৃদয়ত লিখা আছে দুখ বেদনাৰ হিয়াভৰা গান । কোৱা হয় যেতিয়া সপোনবোৰ ওচৰত থাকে তেতিয়া একো বুজিব নোৱাৰি বা উপলব্ধি কৰিব নোৱাৰি । কিন্তু যেতিয়া আতৰি যায় তেতিয়াহে উপলব্ধি কৰা হয় আৰু নিজৰ ভুল বুজি পোৱা যায় । কিন্তু হেৰুৱা সপোনবোৰতো আৰু ঘুৰাই পোৱা টান । এতিয়া মাথোঁ বিষাদৰ স্মৃতি আৰু চকুলোবোৰ একমাত্ৰ সংগী হৈ পৰিছে । আৰু আশা, আশা হৈয়ে ৰৈ আছে । জীৱন যাত্ৰাপথত আগুৱাই যাবলৈ সাহ নোহোৱা হৈ গৈছে । অসান্তিয়ে আৱৰি ধৰিছে, এনে লাগে যেন প্ৰকাণ্ড পাহাৰ এখন মূৰৰ ওপৰত জাপি দিছে, এনে ভাৱ হয় যেন মৰি যাওঁ কিন্তু মৰিবও তো নোৱাৰো । আৰু নতুনকৈ সপোন ৰচিবও নোৱাৰো, ভয় লাগে যদি ভঙা হৃদয়ত আকৌ সপোনবোৰ মৰহি যায়, কি থাকিব তেতিয়া হৃদয়ত জ্বলি পুৰি চাই হৈ যাব । সেয়েহে এটি আশা এবুকু মৰমৰ অপেক্ষাত আজি ৰৈ আছোঁ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍